আগন্তুক তিনিদিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা…

June 7, 2021 0 By Biraj Kalita

আগন্তুক তিনিদিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।

ৰাজ্য তথা উত্তৰ পূবত প্ৰবেশ কৰিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ।

যাৰ বাবে অসমৰ লগতে উত্তৰ পূবৰ কিছু ঠাইত হ’ব পাৰে পাতলীয়া বৰষুণ।

আৰৱ সাগৰৰ মধ্যভাগৰ পৰা ভাৰত অভিমুখে অহা দক্ষিণ-পশ্চিম মৌচুমী প্ৰবেশ কৰিব উত্তৰ পূবত।

এই সম্ভাৱনা প্ৰকট কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

আনহাতে তৃতীয়দিনলৈ এই বৰষুণৰ মাত্ৰা বৃদ্ধি পাব বুলিও সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে, জুন মাহৰ প্ৰথম ভাগত প্ৰতিবছৰে ব’লে মৌচুমী বতাহ।