আঘাতপ্ৰাপ্ত অৱস্থাত দুষ্প্ৰাপ্য জহামলাৰ পোৱালি উদ্ধাৰ, চিকিৎসা প্ৰদান
June 11, 2021নিউজ ডেস্ক। তেজপুৰত উদ্ধাৰ এটি আঘাতপ্ৰাপ্ত জহামলা।
তেজপুৰ কুমাৰগাঁৱৰ নিবাসী সুকান্ত বৰা নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হয় দুষ্প্ৰাপ্য এটি জহামলাৰ পোৱালি।
পোৱালিটো অসুস্থ থকাৰত ঘৰৰ ভিতৰৰ পৰা ওলাই নোযোৱাত প্ৰকৃতিপ্ৰেমী তথা সৰ্পবান্ধৱক ফোন কৰি এই ঘটনা খবৰ দিছিল সুকান্ত বৰাই।
এই খবৰৰ ভিত্তিতেই সৰ্পবান্ধৱ টীমৰ সদস্য ৰাজপল্লব শৰ্মা, প্ৰণৱ ঘোচ আৰু বনকৰ্মীক লগত লৈ সৌৰভ বৰকটকী ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ অৱস্থাত জহামলাটো উদ্ধাৰ কৰি আনি ডঃ কীৰৎ সিঙৰ দ্বাৰা চিকিৎসা প্ৰদান কৰিছিল।
পাঁচ দিন চিকিৎসাৰ অন্তত জহামলাটো সুস্থ হৈ উঠাত সৰ্পবন্ধু আৰু সৌৰভ বৰকটকীৰ উপস্থিতিত জহামলাটো মুকলি কৰি দিয়া হয়।