আচৰিত! এইখন অসমৰে এখন হাস্পতালত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান…

April 29, 2021 0 By Biraj Kalita

কামৰূপ জিলাৰ ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হৈছে এক ব্যতিক্ৰমী ঘটনা।

ৰঙিয়াৰ স্বস্তি হাস্পতালত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান।

জানিব পৰা মতে, এই প্ৰসূতিগৰাকী ধুবুৰীৰ।

চিকিৎসালয়ত থকা নৱজাতক ৪ টা

দীৰ্ঘদিন ধৰি চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আহিছিল মহিলাগৰাকীয়ে।

বুধবাৰে মহিলাগৰাকীয়ে চিজাৰিয়ান প্ৰক্ৰিয়াৰে দুটি কন্যা সন্তানৰ লগতে দুটা ল’ৰা সন্তান জন্ম দিয়ে।

প্ৰথম বাৰৰ বাবে চিকিৎসালয়খনত এই ঘটনা ঘটিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জনোৱাৰ লগতে মহিলা গৰাকী আৰু চাৰিওটা সন্তান বৰ্তমান সুস্থ অৱস্থাত থকাৰ কথাও উল্লেখ কৰে।

সন্তানকেইটাৰ পিতৃয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে তেওঁ ৪ টা সন্তানৰ একেলগে পিতৃ হৈ অতিকৈ সুখী। নৱজাতক কেইটা সুস্থ অৱস্থাতে থকাৰ কথা বুলি তেওঁ উল্লেখ কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! অসমৰ আন এগৰাকী কন্ঠশিল্পীৰ প্ৰাণ ল’লে কােৰােনাই

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ