আচৰিত, দমকলৰ পৰা নিৰ্গত হৈছে হালধীয়া ৰঙৰ পানী…

June 9, 2021 0 By Biraj Kalita

বঙাইগাঁও জিলাৰ মাণিকপুৰত সংঘটিত হৈছে এক আচৰিত ঘটনা।

দমকলৰ পৰা নিৰ্গত হৈছে হালধীয়া ৰঙৰ পানী।

জিলাখনৰ মাণিকপুৰৰ ২নং দুপুৰী গাঁৱৰ গোপাল সৰকাৰৰ ঘৰৰ দমকলৰ পৰা কেইবাদিনো ধৰি নিৰ্গত হৈ আছে হালধীয়া পানী।

ঘৰৰ গৰাকী গোপাল সৰকাৰ পেচাত এগৰাকী দমকল মিস্ত্ৰী।

দমকলৰ পৰা এই ৰঙৰ পানী নিৰ্গত হোৱা দেখি এতিয়া নিজেও আচৰিত হৈছে অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী গৰাকী।

ইফালে পানীৰ অস্বাভাৱিক ৰং দেখি গাঁৱৰ ৰাইজে এতিয়া সৰকাৰৰ ঘৰৰ পৰা বটলে বটলে কঢ়িয়াইছে পানী।

উল্লেখ্য যে, সচৰাচৰ আইৰণ (Iron) আৰু অক্সিজেনৰ (oxygen) ৰাসায়নিক বিক্ৰিয়া (chemical reaction) ঘটি প্ৰস্তুত হোৱা ‘ৰাষ্ট'(Rust) ৰ উপস্থিতিত পানীৰ ৰং হালধীয়া হয় বুলি জানিব পৰা যায় যদিও এই ঘটনাক লৈ একাংশই অন্ধবিশ্বাসৰ বশৱৰ্তী হৈছে।