আচৰিত! নলবাৰীত থকা ট্ৰাকৰ মেঘালয়ৰ টোলগে’ট পাৰ হোৱা দেখুৱাই ফাষ্টটেগৰ ধন কৰ্তন!
August 11, 2021নিউজ ডেস্ক। এক আজব ঘটনা! টােলগেটেৰে গাড়ী পাৰ নহ’লেও ফাষ্ট টেগৰ জৰিয়তে গৰাকীৰ বেংক একাউন্টৰ পৰা ধন কৰ্তন।
অৰ্থাৎ টোলগে’টেৰে গাড়ী পাৰ নহ’লেও ধন আদায় দিবলগীয়া হৈছে গৰাকীয়ে।
এনে একাধিক ঘটনা সংঘটিত হৈছে অসমত। ইয়াৰ মাজতে এটা ঘটনা পােহৰলৈ আহিল নলবাৰীত।
জানিব পৰা মতে, নলবাৰীৰ বসন্ত বৰ্মন নামৰ লোকজনৰ ৬ চকীয়া ট্ৰাক এখন মেঘালয়ৰ টোলগে’ট পাৰ হোৱা দেখুৱাই ফাষ্টটেগ’ৰ পৰা কৰ্তন কৰা হৈছে ১৩০ টকা।
এ এছ ০১ চি চি ৩৪৪৭ নম্বৰৰ ট্ৰাকখন যোৱা এসপ্তাহ ধৰি বসন্ত বৰ্মনৰ ব্যৱসায়স্থলীত থকাৰ পিছতো মেঘালয়ৰ পাহামাৱালিন টোলগে’টেৰে পাৰ হৈ যোৱা দেখুৱাই ৰহস্যজনকভাৱে ফাষ্টটেগৰ পৰা কৰ্তন কৰা হৈছে ধন।
মেঘালয়ৰ পাহামাৱালিন টেলগে’টখনেৰে বসন্ত বৰ্মনৰ ট্ৰাকখন পাৰ হোৱা বুলি বসন্ত বৰ্মনৰ ম’বাইল ফোনত পুৱা এটা বাৰ্তা অহাৰ পিছত বৰ্মনে আশ্চৰ্য প্ৰকাশ কৰে।
এনে কাৰ্যাৰ বিৰুদ্ধে বসন্ত বৰ্মনে নলবাৰী থানাত এটি গোচৰ তৰিছে।
আনহাতে, বৰ্মনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিভাগীয় কৰ্তৃপক্ষক ফোনযোগে এনে আজব ঘটনাৰ বিষয়ে অৱগত কৰিছে। অৱশ্যে কৰ্তৃপক্ষৰ পৰা ইয়াৰ কােনাে সুদুত্তৰ লাভ কৰা নাই লােকজনে।
অৱশ্যে এয়া ছিণ্ডিকেট, হেকাৰৰ নে কাৰিকৰী বিজুতি, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।