আজব ঘটনা! অনলাইনত অৰ্ডাৰ কৰিছিল DSLR কেমেৰা, আহিল চাবোন!
November 21, 2021নিউজ ডেস্ক। অনলাইনত ব্যয়বহুল সামগ্ৰী কৰােতে সাৱধান! আপােনাকাে ৰামঠগন দিব পাৰে একাংশ অনলাইন বিক্ৰেতাই।
তেনে এক ঘটনা সংঘটিত হ’ল ধেমাজি জিলাৰ জোনাইত।
আহিব লাগিছিল কেমেৰা কিন্তু আহিল চাবোন।
ফ্লিপকাৰ্টৰ প্ৰৱঞ্চনাৰ বলি হৈছে জোনাইৰ ৰ’ডগাঁৱৰ এজন শিক্ষক তথা সমাজকৰ্মী টুকেশ্বৰ মিৰি আগৰৱালা।
শিক্ষক টুকেশ্বৰ মিৰি আগৰৱালাই ১৬ নৱেম্বৰৰ দিনা ব্যক্তিগত ব্যৱসায়ৰ বাবে কেনন কেমেৰা ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ কৰিছিল।
শুকুৰবাৰে জোনাইস্থিত ইনষ্টাকাৰ্ট চাৰ্ভিছ প্ৰাইভেট লিমিটেডৰ ডেলিভাৰী বয়জনে অৰ্ডাৰ কৰা কেমেৰা অহাত পেকজিং বক্সটো দি যায়। পেকেট খুলাৰ পিছত হতগ্ৰস্ত হয় শিক্ষকজন।
পেকেটত ওলাল কেমেৰাৰ সলনি তিনিটা চাবোন।
প্ৰতিষ্ঠিত ব্যৱসায়ী কোম্পানীটোৱে এনেদৰে গ্ৰাহকক কৰা প্ৰতাৰণাত সৃষ্টি হৈছে চাঞ্চল্যৰ।