আজিৰে পৰা আৰম্ভ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ম’হ গণনা

April 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। শনিবাৰৰ পৰা দুদিনীয়াকৈ ম’হ গণনা আৰম্ভ হৈছে কাজিৰক্ষা ৰাষ্ট্ৰীয় উদ্যানত।

বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিৱিৰ এলেকাত ম’হ গণনা আৰম্ভ কৰিছে বনকৰ্মীসকলে।

আনহাতে, ম’হ গণনা কৰিবৰ বাবে এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনো খণ্ডত বিভক্ত কৰা নাই বুলি জনায় উদ্যানৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে চ’তমহীয়া বানৰ কবলত পৰিছে কাজিৰঙাৰ বহু এলেকা। যাৰ ফলত এইবাৰ ম’হ গণনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হোৱা বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই।

আনহাতে, ম’হ গণনাত ব্যৱহৃত পৰ্যাপ্ত পোহনীয় হাতী নথকাৰ বাবেও সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

এনে পৰিপ্ৰেক্ষিতত বনকৰ্মীসকলে বন শিৱিৰৰ নিজ নিজ এলেকাত পৰ্যবেক্ষণ কৰি ম’হ গণনা আৰম্ভ কৰিছে।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ২০০৭ চনত অন্তিম বাৰৰ বাবে গণনা কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ম’হৰ।

সেই বছৰত উদ্যানখনত থকা মুঠ ম’হৰ সংখ্যা আছিল ১৯৩৭ টা। ইফালে সুদীৰ্ঘ ১৫ বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনত শনিবাৰৰ পৰা আৰম্ভ হৈছে ম’হৰ গণনা।

এইবাৰ উদ্যানখনত ম’হৰ সংখ্যা পূৰ্বৰ সংখ্যাতকৈ দুগুণ বৃদ্ধি পোৱাৰ আশা কৰিছে উদ্যান কৰ্তৃপক্ষই।