আজিৰে পৰা এমাহজোৰা কাৰ্যসূচীৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশন…

July 12, 2021 0 By Biraj Kalita

আজিৰে পৰা আৰম্ভ বিধানসভাৰ বাজেট অধিবেশন।

এমাহজোৰা কাৰ্যসূচীৰে চলিব এই বাজেট অধিবেশন।

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এইখন প্ৰথমখন বাজেট অধিবেশন।

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিবেশন।

বহুকেইখন বিধেয়ক উত্থাপন হ’ব এইবাৰৰ বাজেট অধিবেশনত।

আজি উত্থাপন হোৱাৰ সম্ভাৱনা গো সুৰক্ষা আইনকে ধৰি ৩ খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক।

প্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।

এইবাৰ পেপাৰলেছ হ’ব বিধানসভাৰ অধিবেশন।

এইবাৰ বিধানসভাত অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ লগতে বড়ো ভাষাও ব্যৱহাৰ কৰা হব।

আনহাতে, বিধানসভাত পূৰ্বৰে পৰা চলি অহা কেতবোৰ ব্যৱস্থা এইবাৰ সালসলনি ঘটোৱা হৈছে।

এইবাৰ বিধানসভাত প্ৰবেশৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো প্ৰবেশ পত্ৰই হ’ব ডিজিটেল।