আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৩ দিনীয়া জন আশীৰ্বাদ যাত্ৰা

August 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰিছে জন আশীৰ্বাদ যাত্ৰা।

মূলতঃ কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত মন্ত্ৰীসকলক তেওঁলােকৰ ৰাজ্যত দলীয়ভাৱে আদৰণি জনােৱাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়ােজন কৰা হৈছে।

ইতিমধ্যে, অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ ৩ দিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ আজি সামৰণি পৰিব।

ইপিনে, অসমত শনিবাৰৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তিনিদিনীয়া আশীৰ্বাদ যাত্ৰা।

এই যাত্ৰা গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ ১৮ টা স্থান সামৰি অহা ২৩ আগষ্ট পৰ্যন্ত ৰূপায়িত হ’ব।

এই সমছোৱাত ৩০০ কিলোমিটাৰ অতিক্ৰম কৰিব কন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে।

শনিবাৰে পুৱা ৯.৩০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় সোণোৱাল।

ইয়াৰ পৰা ১০.৪০ বজাৰ পৰা ১১.৩০ বজালৈ আজাৰা সভাঘৰত দলীয় কৰ্মী-সমৰ্থক তথা ৰাইজৰ সৈতে মত বিনিময় কৰি ১১.৪৬ বজাত সোণোৱালে জালুকবাৰীত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰিব।

জালুকবাৰীত ৰাইজৰ সৈতে মত বিনিময় কৰি সোণোৱালে কামাখ্যা মন্দিৰত সেৱা আগবঢ়াব।

তাৰ পিছতে ফাঁচী বজাৰৰ লাচিত ঘাটত কিছু সময় কটাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ’ব জি এচ ৰোডস্থিত ৰাজ্যিক বিজেপিৰ গুৱাহাটী জিলা কাৰ্যালয় আৰু হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়লৈ।

তাৰ পৰা হোটেল তাজ ভিভাণ্টালৈ গৈ পিছত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হ’ব।

২২ আগষ্টৰ পুৱা ৮.৪৫ বজাত মৰিগাঁও আৰু নগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিব সৰ্বানন্দ সোণোৱাৱে।

১০ বজাত জাগীৰোডত ৰৈ দলীয় কৰ্মী-সমৰ্থক তথা ৰাইজৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাওনা হ’ব মৰিগাঁৱৰ সীতা জখলা, পলাশগুৰি, ধৰমতুল জঙাল বলহু, নগাঁৱৰ ফুলগুৰি আৰু বটদ্ৰৱা অভিমুখে।

উক্ত ঠাইমসূহতো ৰাইজক সাক্ষাৎ কৰিব সোণোৱালে।

সিদিনা নিশা যোৰহাট আৱৰ্ত ভৱনত কটাই ২৩ আগষ্টত সোণোৱালে যোৰহাট জিলা পুথিভঁৰালৰ উপৰি মৰিয়নী, টিয়কৰ ঢেকীয়াখোৱা বৰনামঘৰ আৰু থাওৰাত উপস্থিত হৈ দলীয় কৰ্মী-সমৰ্থক তথা ৰাইজৰ সৈতে বাৰ্তালাপ কৰিব।

তাৰ পিছত তেঁও ডিব্ৰুগড়স্থিত বাসগৃহলৈ ৰাওনা হ’ব।এই আশীৰ্বাদ যাত্ৰাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিভিন্ন বিভাগৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু দলৰ বিষয়ববীয়াসকলে সোণোৱালক সংগ দিব।