আজি পবিত্ৰ ঈদ! ক’ভিড নীতিৰ মাজেৰে পালন ঈদ-উল-আজহা…

July 21, 2021 0 By Biraj Kalita

আজি পবিত্ৰ ঈদ।

ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিব পবিত্ৰ ঈদ-উল-আজহা।

ত্যাগ, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ অনুভূতিৰে উদ্বুদ্ধ ঈদত নাই এইবাৰ পূৰ্বৰ দৰে উৎসাহ উদ্দীপনা।

কিয়নো কৰ’ণা মহামাৰীৰ বাবে এইবাৰ চৰকাৰৰ নীতি নিৰ্দেশনাৰ মাজৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব লাগিব ঈদ।

অসমতো সান্ধ্য আইন মাজতে চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিব পবিত্ৰ ঈদ৷

ক’ভিড নীতি অনুসৰি এইবাৰ মছজিদত একেলগে মাত্ৰ পাঁচজন লোকেহে সমূহীয়া নামাজত বহিব পাৰিব।

পবিত্ৰ ঈদৰ উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷

তেওঁ সকলো ইছলামধৰ্মী লোকক এইবাৰ মছজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড অতিমাৰীৰ জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ উল আজহাত সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ বাবে ইছলামধৰ্মী জনসাধাৰণক আহ্বান জনাইছে।