আজি সম্প্ৰসাৰণ হ’ব মোদীৰ মন্ত্ৰীসভা, নতুন মন্ত্ৰী সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

July 7, 2021 0 By Biraj Kalita

সম্ভৱত আজি সম্প্ৰসাৰণ হ’ব মোদীৰ মন্ত্ৰীসভা।

মোদীৰ মন্ত্ৰীসভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এই নতুন মন্ত্ৰী সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক মন্ত্ৰীত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

অবশ্যে এতিয়াও নিশ্চিত হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দপ্তৰ৷

আজি বিয়লি ভাগত দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।কেবিনেটৰ বৈঠকৰ পাছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীগৰাকী।

উল্লেখযোগ্য যে,মোদীৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত থাকিব মাথোঁ ১২০জন লোক৷এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।দিল্লীৰ ভ্ৰমণসূচীৰ বাবে ছাত্ৰ সংগঠনৰ সৈতে থকা বৈঠক বাতিল কৰিছে শৰ্মাই।

ইতিমধ্য বুধবাৰেই দিল্লীলৈ ৰাওনা হৈছিল সোণোৱাল । তেওঁৰ উপৰিও জ্যোতিৰাদিত্য সিন্ধিয়া,মহাৰাষ্ট্ৰৰ পূৰ্বৰ সাংসদ নাৰায়ণ ৰাণে, কপিল পাতিল, ভাগৱত কৰাডৰ লগতে আন বহু নেতা দিল্লীত উপস্থিত হৈছে।

ইতিমধ্যে আটাইকেইজন নেতাই উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৱাসগৃহত। উল্লেখ্য যে, মন্ত্ৰীত্ব প্ৰদানৰ আগতে আটাইকেইজনৰ লগত আলোচনা হ’ব।  কিছু সময়ৰ পিছতে ঘোষণা হব কেন্দ্ৰীয় মন্ত্ৰী সভাৰ নতুন মন্ত্ৰী।