আজি BTCৰ মুখ্য কাৰ্যবাহী ৰূপে শপত ল’ব প্ৰমোদ বড়োৱে…

December 15, 2020 0 By NEWS DESK

কিছু সময়ৰ পাছতে BTCৰ মুখ্য কাৰ্যবাহী ৰূপে শপত ল’ব প্ৰমোদ বড়োৱে।

পুৱা ১০বজাৰ পৰা আৰম্ভ হব শপত গ্ৰহণ অনুষ্ঠান।

কোকৰাঝাৰৰ বড়োফা খেলপথাৰত অনু্ষ্ঠিত হব অনুষ্ঠানটি।

কোকৰাঝাৰ অভিমুখে বিশেষ বাছেৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে নতুন কাৰ্যবাহী পৰিষদৰ কেউজন সদস্য।

উল্লেখ্য যে, হৰ্চ ট্ৰেডিঙৰ আশংকাত ১৩ ডিচেম্বৰ তাৰিখৰ পৰা গুৱাহাটীৰ হোটেল লিলিতেই বাহৰ পাতি আছিল প্ৰমোদ বড়ো সহ কেউজন ইউ পি পি এলৰ সদস্যই।

১৭ বছৰ ধৰি হাগ্ৰামা মহিলাৰীয়ে শাসন চলোৱা বিটিচিত এইবাৰ হব নতুন প্ৰধান।

অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত।