আজি NLFBৰ সেনাধ্যক্ষ এম বাথাই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা…

July 22, 2021 0 By Biraj Kalita

আজি NLFBৰ সেনাধ্যক্ষ এম বাথাই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা।

অৰুণাচল সীমান্তৰে অসমত প্রৱেশ কৰাৰ সম্ভাৱনা।

ওদালগুৰিত আত্মসমৰ্পণ কৰাৰো সম্ভাৱনা এম বাথা ওৰফে বিন্দো মুচাহাৰীৰ।

শেহতীয়াকৈ NIA ই এম বাথাৰ সন্ধান দিওতালৈ ঘোষণা কৰিছিল ১০ লাখ টকাৰ পুৰস্কাৰ।

ইয়াৰ পিছতে আত্মসমৰ্পনৰ সিদ্ধান্ত এম বাথাৰ।

বাথাৰ লগতে NLFB ৰ অন্য ৬০ জনকৈ কেদাৰেও আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা।

উল্লেখ্য যে, এনডিএফবিৰ পৰা আত্মসমৰ্পণ কৰি বিটিআৰ চুক্তি চাক্ষৰ হোৱাৰ পাছতেই পুনৰ জংঘললৈ গৈ NLFB নামৰ এটা বিদ্ৰোহী সংগঠন গঠন কৰিছিল এম বাথাই৷

প্ৰায় ২ হাজাৰ সদস্যক জংঘলতে প্ৰশিক্ষণ দিছিল বাথাই৷

কিছুদিন পূৰ্বে মাজবাটত সংঘৰ্ষত নিহত হৈছিল NLFB সম্পাদক জৈফ’ৰ্ছ।