আদালতৰ পৰাই অভিযুক্তৰ পলায়ন! EVM ৰ ক্ষতিসাধনৰ বাবে হৈছিল গ্ৰেপ্তাৰ

April 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শিলচৰ আদালতৰ চৌহদৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি এজন অভিযুক্তই পলায়ন কৰে।

আদালতৰ চৌহদৰ প্ৰাচীৰ জঁপিয়াই পলায়ন কৰা অভিযুক্তজনক প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত পাছে পাছে খেদিও আৰক্ষীয়ে কৰায়ত্ত কৰাত ব্যৰ্থ হয়।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা কৰিমগঞ্জৰ উধাৰবন্ধ নেত্ৰ’পিৰ সন্মুখত এটা ইভিএম ক্ষতিসাধন কৰাৰ অভিযোগত পুৱা উধাৰবন্ধ আৰক্ষীয়ে এনামউদ্দিন লস্কৰ নামৰ অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতে নিয়ম অনুসৰি আৰক্ষীয়ে তেওঁক উধাৰবন্ধৰ পৰা শিলচৰ আদালতলৈ হাজিৰ কৰোৱাৰ বাবে আনিছিল। তেওঁৰ লগত আছিল দুজন আৰক্ষী কনিষ্টবল।

আদালতৰ চৌহদত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে অভিযুক্ত যুৱকজনে কনিষ্টবলদ্বয়ৰ চকুত ধূলি দি প্ৰাচীৰ জঁপিয়াই পলায়ন কৰে।

আৰক্ষীৰ লোক দুজনে প্ৰায় তিনি কিলোমিটাৰ ধৰি যুৱকজনৰ পাছে পাছে খেদ গৈও কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।

লগতে চাওকঃ

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত কথমপি ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালিৰ