আদ্যশ্ৰাদ্ধত শ্বহীদ সেনা জােৱানৰ ঘৰত মুখ্যমন্ত্ৰী, পত্নীৰ হাতত অৰ্পণ ২੦ লাখৰ চেক
November 25, 2020নিউজ ডেস্ক। দেশৰ শত্ৰুৰ সৈতে যুঁজ দি সীমান্তত শ্বহীদ হােৱাৰ বীৰ সেনা জােৱান হৰধন চন্দ্ৰ ৰায়ৰ ওপজা ঘৰত আজি অনুষ্ঠিত হয় আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত।
আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত অংশ ল’বলৈ বিলাসীপাৰাৰ মেধিপাৰাস্থিত শ্বহীদ বীৰ গৰাকীৰ নিজা বাসভৱনত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল।
The supreme sacrifice of martyr Hardhan Rai will be etched in our memories forever. His valour & patriotism will inspire generations to serve the nation.
— Sarbananda Sonowal (@sarbanandsonwal) November 25, 2020
Paid shraddhanjali to the swahid at Bilasipara today & offered ex-gratia of ₹20 lakh on behalf of GoA to his family members. pic.twitter.com/jVVRkNlcQj
বিলাসীপাৰাৰ বাঙালীপাৰাত হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকী।
তাৰ পিছতে প্ৰায় ২০ কিলোমিটাৰ দুৰত্বত থকা শ্বহীদ গৰাকীৰ বাসভৱনত আয়োজিত আদ্যশ্ৰাদ্ধত উপস্থিত হয়।
বিয়লি ২ মান বজাত বাসগৃহত উপস্থিত হৈ হৰধন চন্দ্ৰ ৰয়ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী সােণােৱালে।
বীৰ শ্বহীদৰ সহধৰ্মিণীৰ লগতে পিতৃ-মাতৃক সাক্ষাৎ কৰি শ্বহীদ পৰিয়াললৈ পূৰ্বতে ঘোষণা কৰা অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ২০ লাখ টকাৰ চেক প্ৰদান কৰে।
উক্ত কাৰ্যসূচীত বিলাসীপাৰা (পূব) সমষ্টিৰ বিধায়ক অশােক সিংঘীও উপস্থিত থাকে।
তদুপৰি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হৰধন চন্দ্ৰ ৰায়ৰ পৰিয়ালটোক চৰকাৰী ভাৱে সংস্থাপন দিয়াৰ কথাও চৰকাৰে চিন্তা কৰি আছে বুলি জনায়।
উল্লেখ্য যে এই উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মােচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱােল।