আন চোৰৰ দৰেই বিদ্যুৎ চোৰৰ বিৰুদ্ধেও ৰুজু হ’ব গোচৰঃ DGP ভাস্কৰজ্যোতি মহন্ত

July 3, 2021 0 By Biraj Kalita

এতিয়াৰে পৰা বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো থানাতে ৰুজু হ’ব গোচৰ।

আন চুৰিৰ গোচৰৰ দৰেই তদন্ত হ’ব বিদ্যুৎ চুৰিৰ গোচৰৰো।

শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধানৰ গুৱাহাটীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

আৰক্ষী সঞ্চালক প্ৰধান মহন্তৰ লগতে যৌথভাৱে সংবাদমেলখন সম্বোধন কৰে গৃহ-শক্তি আদি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে। 

সংবাদমেলত গৃহ-শক্তি আদি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাই কয়- এপিডিচিএলে অনাদায় বিদ্যুৎ মাছুল আৰু বিদ্যুৎ চুৰিৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানৰ ফলস্বৰূপে জুন মাহত বিভাগে অভিলেখ সংখ্যক ৫০১ কোটি টকা মাছুল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যিটো মে’ মাহত আছিল ৩৬০ কোটি টকা। উপভোক্তাৰ প্ৰতি আহ্বান যে সময়মতে বিল পৰিশোধ কৰিলে বিদ্যুৎ যোগান আৰু অধিক সুচল হ’ব।

APDCLৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে কয়- জুন মাহত APDCLলে ১,৯০৪ টা ৰেড কৰিছিল আৰু ইয়াৰ ভিতৰত বিদ্যুতৰ অবৈধ ব্যৱহাৰ সন্দৰ্ভত ৬১১ খন এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে।

আনহাতে জুন মাহত চলোৱা অভিযানত আমি ৪৫.৯৪ কোটি টকা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছো। তদুপৰি বিদ্যুৎ মাছুল নিদিয়া বাবে ১ লাখ ১১ হাজাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে বুলি মন্তব্য কৰে ৰাকেশ কুমাৰে।

ইয়াৰ ভিতৰত ২৭ কোটি টকা ফাইন সংগ্ৰহ কৰি ৪৮,১৭২ টা সংযোগ পুনৰ কৰা হৈছে । এতিয়াও আমি গ্ৰাহকৰ পৰা বিদ্যুৎ মাছুলৰ বাবদ ২০০০ কোটি টকা পাবলৈ বাকী আছে বুলি মন্তব্য কৰে ৰাকেশ কুমাৰৰ।