‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন বিত্ত বিভাগৰ…
June 23, 2021‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন বিত্ত বিভাগৰ।
ৰাজ্যৰ কমৰ্চাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে বিত্ত বিভাগে মঙলবাৰে ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায়।
হিতাধিকাৰী কমৰ্চাৰীসকলে কেইবামাহো ধৰি সূদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টোও ইতিমধ্যে বিত্তমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে বুলি জানিব পৰা গৈছে।
তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে ৰাজ্য চৰকাৰৰ ‘আপোন ঘৰ’ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১ হাজাৰ ৯৯৬ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উপকৃত হৈছে।
ইতিমধ্যে এই ‘আপোনাৰ আপোন ঘৰ’ আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭০ কোটি টকা আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল।
এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰীয়ে সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হয়।