আবকাৰী বিভাগৰ অভিযানত জব্দ ৫১.৮১ লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা, আটক ২

December 3, 2020 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বজাৰত উভৈনদী অবৈধ অৰুণাচলী সুৰা।

আবকাৰী আইন উলংঘা কৰি ৰাজ্যৰ জিলাই জিলাই অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ মাজতে শোণিতপুৰ জিলা আৰক্ষী আৰু আবকাৰী বিভাগে ধাৰাবাহিকভাৱে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

এনে অবৈধ সুৰা বিৰােধী অভিযানত পুনৰ তেজপুৰত জব্দ কৰা হয় অৰুণাচলী সুৰাভৰ্তি এখন ট্ৰাক।

UB Photos

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ব্যন্দৰদেৱাৰ পৰা মণিপুৰলৈ যাত্ৰা কৰা NL-03-A-2284 নম্বৰৰ ট্ৰাকখন জব্দ কৰে বিভাগটােৱে।

উল্লেখ্য যে একমাত্ৰ অৰুণাচলত বিক্ৰীৰ বাবে প্ৰযোজ্য ব্ৰেণ্ডাৰ্ছ প্ৰাইড আৰু ৰয়েল ষ্টেগ নামৰ ব্ৰেণ্ড দুটাৰ ৯৯০ কাৰ্টন সুৰা তেজপুৰৰ দোলাবাৰীত ট্ৰাকখনৰ পৰা জব্দ কৰা হয়।

UB Photos

জব্দ কৰা সুৰাৰ মূল্য ৫১ লাখ ৮১ হাজাৰ টকা বুলি অনুমান কৰা হৈছে।

সুৰাভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে চালক ৰাম কুমাৰ আৰু হেণ্ডিমেন নৌবা সিঙক আটক কৰিছে।