আম বুটলিব যাঁওতেই বজ্ৰ পৰি গুৰুতৰভাৱে আহত কিশোৰী…

May 31, 2021 0 By Biraj Kalita

মুকালমুৱাৰ জয়সাগৰত বজ্ৰ পৰি গুৰুতৰ ভাবে আহত এগৰাকী কিশোৰী। সংকট জনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ।

আহত কিশোৰী গৰাকী জয়সাগৰ গাৱঁৰ কেশৱ বৰ্মণৰ তেৰ বছৰীয়া কন্যা প্ৰিতিকা বৰ্মণ।

ঘৰৰ পিছ ফালে আম বুটলিব যাঁওতে বজ্ৰ পৰি আহত হয় কিশোৰী গৰাকী।

সংকটজনক অৱস্থাত আহত কিশোৰী গৰাকীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।