আলফা(স্বাঃ)ক জোকাই নল’ব, অন্যথা হাত সাবটি বহি নাথাকে আলফা(স্বাঃ): পৰেশ বৰুৱা…

July 14, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে।

আলফা সদস্য ভূপেন বৰুৱাক শিৱসাগৰ আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক লৈ ক্ষোভ পৰেশ বৰুৱাৰ।

পৰেশ বৰুৱাই কয়- অসমৰ শান্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব অসম আৰক্ষীৰ গুলীয়ে। এই গুলীচালনাই বিঘ্নিত কৰিব মুখ্যমন্ত্ৰীৰ শান্তি প্ৰক্ৰিয়া।

লগতে পৰেশ বৰুৱাই কয় সকীয়নি প্ৰদান কৰি কয়- আলফাক জোকাই নল’ব। অন্যথা হাত সাবটি বহি নাথাকে আলফা স্বাধীন।

পৰেশ বৰুৱাই লগতে কয়- ‘আলফাক প্ৰৰোচিত নকৰিব। নীতিগতভাৱে অসম আৰক্ষীৰ ওপৰত গুলী চলাব নিবিচাৰে আলফাই।’

গুপ্তঘাতকৰ দিনবোৰ ঘূৰাই নানিবলৈও মুখ্যমন্ত্ৰীক আহ্বান জনায় পৰেশ বৰুৱাই।

উল্লেখ্য যে, আৰক্ষীৰ গুলীত আহত হৈছিল আলফা সদস্য ভূপেন বৰুৱা। শিৱসাগৰ আৰক্ষীয়ে ভৰিত গুলীয়াইছিল ভূপেন বৰুৱাক।