আলফা(স্বাঃ)-এ অপহৰণ কৰিছে ONGCৰ ৩ কৰ্মচাৰীকঃ অসম আৰক্ষী

April 23, 2021 0 By Biraj Kalita

আলফা(স্বাঃ)-এ অপহৰণ কৰিছে ONGCৰ ৩ কৰ্মচাৰীক।

অসম আৰক্ষীয়ে ঘোষণা কৰিছে এই তথ্য।

ইতিমধ্যে অসম আৰক্ষীয়ে ঘোষণা কৰিছে অপহৰণকাৰীৰ নাম।

গণেশ লাহন ওৰফে পূৰ্ণ লাহনৰ নেতৃত্বত সংঘটিত হৈছিল এই অপহৰণ কাণ্ড।

দলটোত আছিল আদ্যমান অসম ওৰফে মণিৰাম বৰগোহাঁই, প্রদীপ গগৈ ওৰফে অকণ।

প্রেছ বাৰ্তাযোগে অসম আৰক্ষীয়ে জনালে এই কথা।

অ’এন জি চি ৰ তিনি বিষয়াক অপহৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি এজন এজনকৈ আলফা স্বাধীনৰ পৰিয়ালৰ সদস্যক জেললৈ প্ৰেৰণ কৰা হৈছিল।

অ’এন জি চি লাকুৱাত স্থিত ৮ নং জি জি এচত কৰ্মৰত অৱস্থাৰ পৰা অ’এন জি চি ৰ তিনি বিষয়াক অপহৰণ কৰাৰ পাছতেই জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছিল সেনা আৰক্ষীৰ তীব্ৰ অভিযান ৷