আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ!

January 23, 2021 0 By Biraj Kalita

আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ।

শনিবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা মাটিৰ পট্টা বিতৰণ সভাত এইদৰে মন্তব্য কৰে প্ৰমোদ বড়োই।

ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিটিচি প্ৰশাসনৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন হয়।

ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই পাঁচটা ৰাজহ চক্ৰৰ অধীনৰ কেইবাগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰে।

সাংবাদিকৰ এক প্ৰশ্নত্তোৰত পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি অহাৰ আহ্বান জনাই হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই।

অসমীয়া জাতিৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে সংগ্ৰাম কৰি অহা পৰেশ বৰুৱাৰ সংগ্ৰামৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰমোদ বড়োই এইবুলিও কয় যে- যি সংগ্ৰামে জাতিসত্বাৰ কোনো উন্নয়ন কৰিব নোৱাৰে তেনে সংগ্ৰাম পুনৰ বিবেচনা কৰা উচিত।

সমাজৰ মাজত থাকি হিংসা পৰিহাৰ কৰি সমস্যাবোৰ ৰাজনৈতিকভাৱে আৰু গণতান্ত্ৰিকভাৱে সমাধানৰ পোষকতা কৰাৰ মত প্ৰকাশ কৰি পৰেশ বৰুৱাক মুলসূতলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োই।