আলফা স্বাধীনে অব্যাহতি দিলে সংগঠনৰ বিত্ত সম্পাদক জীৱন অসমক

April 25, 2021 0 By Biraj Kalita

আলফা স্বাধীনে অব্যাহতি দিলে সংগঠনৰ বিত্ত সম্পাদক জীৱন অসমক।

আলফা স্বাধীনৰ পুৰণি কেডাৰ গৰাকীৰ স্বাস্থ্য আৰু প্ৰতিকূল অৱস্থানৰ বাবে উন্নত চিকিৎসাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে ঘোষণা কৰিছে।

উল্লেখ্য যে, বহুদিনৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে জীৱন অসম।

তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই আলফা স্বাধীনে ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে জীৱন অসমক।