আলফা স্বাধীনৰ দ্বাৰা অপহৃত ONGCৰ ২গৰাকী কৰ্মচাৰীক উদ্ধাৰ

April 24, 2021 0 By Biraj Kalita

অৱশেষত ONGCৰ অপহৃত ২ কৰ্মচাৰীক সুকলমে উদ্ধাৰ।

মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰা হৈছে।

নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে৷

সেনা আৰু অসম ৰাইফেলছে চলাইছিল বিশেষ অভিযান।

 আনজন অপহৃত ৰিতুল শইকীয়াক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ৰিতুল শইকীয়াৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই অভিযানতে সেনা আৰু অসম ৰাইফলছে জব্দ কৰে এটা এ. কে. ৪৭।