আলুৰ বস্তাৰে ঢাকি আনিছিল চোৰাং কাঠৰ কুণ্ডা, আৰক্ষীৰ তালাচীত উদ্ধাৰ হ’ল সকলো…
June 23, 2021চোৰাং কাঠ সৰবৰাহৰ নতুন কৌশল।
চিৰাঙত আলুৰ বস্তাৰে ঢাকি চোৰাং কাঠ সৰবৰাহৰ চেষ্টা অবৈধ কাঠ সৰবৰাহকাৰীৰ৷
মঙলবাৰে চিৰাঙৰ চিদলীত বৃহৎ পৰিমানৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে আৰক্ষীয়ে।
কোকৰাঝাৰৰ কাৰিগাঁৱৰ দিশৰ পৰা বঙাইগাঁৱৰ দিশলৈ লৈ যোৱাৰ সময়তে 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে অবৈধ চোৰাং কাঠ ভৰ্তি বাহন খন।
অবৈধ কাঠ সহ জব্দ হোৱা বলেৰ পিক আপ ভেন খনৰ নম্বৰ AS-19AC-0569।
আৰক্ষীৰ তালাচীত বাহনখনত শালকাঠৰ কুণ্ডা আলুৰ বস্তাৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷
ইতিমধ্যে আৰক্ষীয়ে কাঠ ভৰ্তি বাহনখন জব্দ কৰি চালকক সোধা-পোছা অব্যাহত ৰাখিছে।