আহত অৱস্থাত উদ্ধাৰ দুষ্প্রাপ্য প্রজাতিৰ লাজুকী বান্দৰ…

June 1, 2021 0 By Biraj Kalita

আহত অৱস্থাত উদ্ধাৰ দুষ্প্রাপ্য প্রজাতিৰ লাজুকী বান্দৰ।

হোজাই চহৰৰ মাজমজিয়াত সোমবাৰে পুৱা উদ্ধাৰ হয় দুষ্প্রাপ্য প্রজাতিৰ লাজুকী বান্দৰটো৷

হোজাইৰ চৌধুৰী মঞ্জিলৰ সমীপত পথৰ মাজত আহত অৱস্থাত স্থানীয় ৰাইজে বান্দৰটো প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷

সম্প্ৰতি বন বিভাগে বান্দৰটোক উদ্ধাৰ কৰি চিকিৎসা চলাই আছে৷

দহ–এঘাৰ মহীয়া লাজুকী বান্দৰটো ডবকা পাহাৰৰ বনাঞ্চলৰ পৰা কেনেবাকৈ ওলাই অহা বুলি বন বিভাগে সন্দেহ কৰিছে৷

উল্লেখ্য যে, কিছুদিন পূর্বে ডবকাতো এটা লাজুকী বান্দৰ উদ্ধাৰ হৈছিল।