আৰক্ষীয়ে খেদি খেদি আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক

July 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সোণাৰিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক।

চৰাইদেউ জিলাৰ সোণাৰিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে সোণাৰি আৰক্ষীয়ে।

সোণাৰি আৰক্ষীয়ে খেদি খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন সোণাৰি নগৰৰ ৩ নং ৱাৰ্ডৰ অভিজিৎ দেৱ ওৰফে বাবু।

উল্লেখ্য যে কিছুদিন পূৰ্বে শিমলুগুৰী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পাছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তত সোণাৰী আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ধৰিবলৈ জাল পাতিছিল।

শিমলুগুৰী ৰে’ল ষ্টেচনত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰাৰ পাছৰে পৰা বাবু দেৱে অত্মগোপন কৰি আছিল যদিও গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সোণাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বাবু দেৱৰ বিৰুদ্ধে পূৰ্বে বহু অসামাজিক কাৰ্য্যকলাপৰ লগতে নিচাজাতীয় দ্ৰব্যৰ চোৰাং সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ আছে।