আৰক্ষীৰ অভিযানত আটক দুৰ্ধৰ্ষ অপৰাধী গোলাম নবী আজাদ

September 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তামুলপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল হত্যা কাণ্ডৰ লগত জড়িত দুৰ্ধৰ্ষ অপৰাধী গোলাম নবি আজাদ।

তামুলপুৰ কাউৰবাহা আৰক্ষী চকীৰ অন্তৰ্গত দিহাপাৰাত আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই হত্যাকাণ্ডৰ সৈতে জড়িত এজন দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ হাতত আটক হোৱা অপৰাধীজন সন্দিকৈ গাঁও নিবাসী ৰহিম বক্সৰ ৩৭ বছৰীয়া পুত্ৰ গোলাম নবি আজাদ।

উল্লেখ্য যে ২০১৮ চনত দিহাপাৰাত আনছাৰ আলী নামৰ এজন লোকক চাৰিগৰাকী দুৰ্বৃত্তই হত্যা কৰিছিল।

কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাত গোচৰ নম্বৰ ৪৩১/১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

উক্ত হত্যাকাণ্ডৰ তিনিজন মূল অভিযুক্তক আটক কৰিবলৈ আৰক্ষী সক্ষম হৈছিল যদিও গোলাম নবি আজাদ পলাতক অৱস্থাত আছিল।

পৰৱৰ্তী সময়ত এই গোচৰটো চি আই ডিলৈ প্ৰেৰণ কৰা হৈছিল।

চিআইডিৰ নিৰ্দেশ মৰ্মে গোপন সূত্ৰৰ পম খেদি কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লালচান আলীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দিহাপাৰাত অভিযান চলাই শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত হত্যাকাণ্ডৰ লগত জড়িত দুৰ্ধৰ্ষ অপৰাধী গোলাম নবি আজাদক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত দুৰ্ধৰ্ষ অপৰাধী গোলামক আটক কৰা ঘটনাটো তামুলপুৰ আৰক্ষীৰ এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে।