আৰক্ষীৰ অভিযানত উদ্ধাৰ দুটাকৈ পিষ্টলসহ সজীৱ গুলী, এজনক আটক…

June 25, 2021 0 By Biraj Kalita

দুটাকৈ মাৰাণস্ত্ৰসহ বোকাজানৰ খটখটী আৰক্ষীৰ জালত এজন যুৱক।

বোকাজানৰ SDPO জন দাস, বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে দুটা পিষ্টল।

আনহাতে আৰক্ষীৰ জালত পৰিছে চাহিল খান নামৰ এজন যুৱক।

বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত অভিযান চলাই যুৱকজনক আটক কৰে।

ধৃত চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ স’তে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে।