আৰক্ষীৰ অভিযানত উদ্ধাৰ দুস্প্ৰাপ্য কেকো সাপ, এজন গ্ৰেপ্তাৰ…

March 26, 2022 0 By Biraj Kalita

আৰক্ষীৰ অভিযানত উদ্ধাৰ দুস্প্ৰাপ্য কেকো সাপ।

যোৰহাটৰ গড়মূৰ থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগানত আৰক্ষীয়ে উদ্ধাৰ কৰে 5 টাকৈ কেকো সাপ।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৰেশ বাঢ়ৈ নামৰ এজন লোকক৷

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি পৰেশ বাঢ়ৈ জড়িত আছিল এই ব্যৱসায়ৰ সৈতে৷

শুকুৰবাৰে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰীকা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গড়মূৰ থানাৰ আই চি ৰাণা দেউৰীৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ হয় এই কেকো সাপ কেইটা৷

সম্প্ৰতি কেকো সাপৰ ব্যৱসায়ী পৰেশ বাঢ়ৈক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।