আৰক্ষীৰ অভিযানত উদ্ধাৰ দুটা 9mm পিষ্টলসহ 8 জাঁই সজীৱ গুলী, ৩জনক আটক…
June 21, 2021বিহালী আৰক্ষীৰ সফল অভিযান।
দেওবাৰে পুৱতি নিশা বিহালীৰ বটিয়ামাৰীত অভিযান চলাই দুটা 9mm পিষ্টলসহ 8 জাঁই সজীৱ গুলী উদ্ধাৰ কৰে।
আনহাতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বটিয়ামাৰীৰ উত্তম ঢাকাল (40), ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(20) আৰু নিত্য ঢাকাল (44) নামৰ তিনিজন যুৱকক আটক কৰে৷
বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমল বড়োৰ নেতৃত্বত চলিছিল এই অভিযান।
আৰক্ষীয়ে নিত্য ঢাকালৰ বাসগৃহৰ অভিযান চলাই পূজাস্থলীৰ পৰা মাৰণাস্ত্ৰ খিনি উদ্ধাৰ কৰে৷ অৱশ্যে ইয়াৰে 2 টা ব্যৱহৃত কাৰ্টিজ৷
অবশ্যে যুৱক তিনিজনে কি কাৰণত মাৰণাস্ত্ৰ মজুত ৰাখিছিল, সেই সম্পৰ্কত বৰ্তমানলৈকে বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই।