আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গৰুৰ চােৰাং সৰবৰাহকাৰী, জব্দ পশুধন
October 23, 2021নিউজ ডেস্ক। ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে।
বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দক্ষিণ-শালমাৰা মানকাচৰ জিলাত অব্যাহত আছে চােৰাং গৰু সৰবৰাহকাৰীৰ তৎপৰতা।
ইপিনে, জিলাখনৰ আৰক্ষীৰ দল এটাই কালাইৰ আলগা গাঁৱত অভিযান চলাই বাংলাদেশলৈ চালান দিয়াৰ পথত ছটা ম’হ আৰু দুটা গৰু জব্দ কৰে।
লগতে এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত কালাইৰ আলগা গাঁৱৰ নূৰ আলম পাৰামাণিক শ্বেখক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, দুয়ো দীৰ্ঘদিনৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ কৰি আহিছিল।
আনহাতে, ভাৰত-বাংলাদেশ সীমান্তৰ আছামেৰ আলগা সীমান্ত সুৰক্ষা চকীৰ পহৰাত বি এছ এফে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা এজন লোকক এটা গৰুৰ সৈতে আটক কৰে।
গৰুৰ চোৰাং সৰবৰাহকাৰীজন দয়াৰচৰ গাঁৱৰ নাজিমউদ্দিন (২৫) বুলি জনা গৈছে।
বি এছ এফে নাজিমউদ্দিনক খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে।