আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ ছটা চোৰ, জব্দ ৪ কুইণ্টল চুৰি বৈদ্যুতিক তাঁৰ

March 23, 2022 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যৰ ছটা চােৰ, জব্দ হ’ল ৪ কুইন্টল বৈদ্যুতিক তাঁৰ।

এই অভিযান নলবাৰী জিলাৰ বেলশৰ আৰু টিহু থানাৰ আৰক্ষীয়ে চলাইছিল।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে শেহতীয়াভাৱে চোৰৰ লক্ষ্য হৈ পৰিছিল বৈদ্যুতিক সামগ্রী।

প্রায় ২০-২৫ দিন পূর্বে চোৰৰ এটি দলে চামতা বিদ্যুৎ উপ-সংমণ্ডল কার্যালয়ৰ অধীনৰ নদলা অঞ্চলৰ মাজেৰে যোৱা ৩৩ হেজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ চুৰ কৰি নিছিল।

ইয়াৰ উপৰি জিলাখনৰ বিভিন্ন ঠাইৰ পৰা দুৰ্বৃত্তই চুৰি কৰি নিছিল বিভিন্ন বৈদ্যুতিক সামগ্রী।

এনে ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে কিছুদিন পূৰ্বে নলবাৰীৰ জয়মংলাৰ পৰা জিয়াউৰ ৰহমান নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিচতে ন ন তথ্য লাভ কৰি আৰক্ষীয়ে পুনৰ অভিযান চলায়।

বেলশৰ আৰু টিহু থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় চাৰি কুইণ্টল বিদ্যুতৰ চুৰ কৰা তাঁৰ, বেটাৰি আদি বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বাইহাটা চাৰিআলিৰ পৰা পশ্চিমবংগৰ মালদহৰ ৰফিজুল নাদাব, ৰাজু শেখ, হাদিকুল শ্বেখ, সহিবত শ্বেখ, নজৰুল শ্বেখক গ্ৰেপ্তাৰ কৰে।

এই ছটা চোৰক নলবাৰীৰ আদালতত হাজিৰ কৰাই জে’ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।