আৰক্ষীৰ অভিযানত জব্দ গৰু কঢ়িওৱা বাহন, আটক ৫

December 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে গৰুৰ চােৰাং বেহা।

এই চােৰাং বেহাৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ কামৰূপ জিলাৰ বকো আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হৈছে গৰু কঢ়িওৱা ডিআই বাহন।

পুৱতি নিশা গোপন সুত্ৰৰ ভিত্তিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে জব্দ কৰিবলৈ সক্ষম হয় গাড়ীসহ ৮ টাকৈ চোৰাং গৰু।

জানিব পৰা মতে, গোৱালপাৰাৰ ধূপধাৰাৰ পৰা কামৰূপৰ বকো অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে বাহনখন।

উক্ত অভিযানত জব্দ হোৱা গাড়ীখনৰ নম্বৰ এ এছ-২৫ই চি-২৮৭২৷

এই অভিযানত আটক হৈছে ৫ জনকৈ লোক।

আটকাধীন লোক কেইজন, আব্দুল কাদেৰ(৪০), আমিনুল ইছলাম(৩১), ৰফিকুল ইছলাম(৩২), আব্দুছ ছালাম(২১), আজাদুল হক(২৩)।

ইতিমধ্যে, আটক কৰা পাঁচো জন লোকক বকো আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে।

লগতে চাওকঃ

মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ