আৰক্ষীৰ অভিযানত জব্দ চােৰাং কাঠ কঢ়িওৱা বাহন, আটক ২

October 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তেজপুৰ সদৰ থানাত টহলদাৰী দলে বৰঘাটত অবৈধভাৱে চোৰাং কাঠ কঢ়িয়াই অনা এখন বলেৰ’ পিক্আপ বাহন জব্দ কৰে।

এই ঘটনাৰ লগত জড়িত তেজপুৰ পাছমাইল বিহীয়া গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ ছাইদুল ইছলাম আৰু জামুগুৰি থানাৰ অন্তৰ্গত ১নং বাতাবাৰী গাঁৱৰ মহম্মদ আলীৰ পুত্ৰ ৰাইদুল আলীক আটক কৰাৰ লগতে প্ৰায় পাঁচ লাখ টকা চোৰাং কাঠ আৰু বাহনখন আৰক্ষীয়ে জব্দ কৰে।

ইয়াৰ লগতে দুটাকৈ ম’বাইল ফোন আৰু ৫৪ হাজাৰ চাৰিশ দহ টকা নগদ ধন আটকাধীন লোক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।