আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা, দুজনক আটক…
March 9, 2022মদ ,ভাং, ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।
মংগলবাৰে নিশা জামুগুৰি আৰক্ষীয়ে অঞ্চলটোৰ ডৌকাচাপৰি গাঁওত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে।
লগতে আৰক্ষীয়ে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
মংগলবাৰে নিশা ১১মান বজাত গাঁওখনৰ দাদুৰ বৰা নামৰ ব্যক্তিজনৰ ঘৰত এখন বাহনৰ পৰা নমাই থকা অৱস্থাত জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আঠ কাৰ্টুন অৰুণাচলী সুৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
আটক কৰা লোক দুজনৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ পাভৈত বুলি জানিব পৰা গৈছে।