আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা, আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী…
July 11, 2021আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা।
কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৱর্তী শ্রীৰামপুৰত শুকুৰবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়৷
কোকৰাঝাৰ জিলাৰ অন্তর্গত তথা অসম-পশ্চিমবংগৰ সীমান্তৱর্তী শ্রীৰামপুৰত উত্তৰ প্রদেশৰ হাজিপুৰ অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে ৮৫০ কেজি মণিপুৰী গাঞ্জা জব্দ কৰে৷
ট্ৰাকখনৰ নম্বৰ এন এল–০৭ এ এ–০৪৩০।
লগতে আৰক্ষীয়ে গাঞ্জা সৰবৰাহৰ স’তে জড়িত ৰহমতউল্লা খান (কার্বি আংলং) আৰু ৰমেশ কুমাৰ (ৰাজস্থান) নামৰ দুজন গাঞ্জা বেপাৰীকো আটক কৰে৷
পাছত আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুজনে আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত ৰহমতউল্লা খান আৰু ৰমেশ কুমাৰ আহত হয়৷
Kokrajhar Police seizes ganja weighing around 850 kg worth over 85 lakhs rs from a truck at Srirampur . 2 persons were arrested in this connection.#AIRpics: Preetam pic.twitter.com/5aK65il76R
— AIR News Guwahati (@airnews_ghy) July 10, 2021
ঘটনা সন্দৰ্ভত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত বি টি আৰৰ আই জি পি এল আৰ বিষ্ণই আৰু জিলা আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰ থুবেই কয়- এন এল–০৭ এ এ–০৪৩০ নম্বৰৰ ট্ৰাকেৰে বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰে৷ সেইমতে আৰক্ষীয়ে কালি নিশা অসম-পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰত ট্ৰাকখনত তালাচী চলাই ৭৯টা পলিথিনৰ পেকেটত ভৰাই থোৱা অৱস্থাত ৮৫০ কেজি মণিপুৰী গাঞ্জা জব্দ কৰে৷
লগতে কয়- আৰক্ষীয়ে গাঞ্জা বেপাৰী দুজনক সোধা–পোছা কৰোঁতে কোকৰাঝাৰ জিলাৰে বিছমুৰী এলেকাৰ আলেংগীত কিছু গাঞ্জা লুকুৱাই থোৱাৰ তথ্য সদৰী কৰে৷ সেইমতে আৰক্ষীয়ে কালি নিশাই গাঞ্জা বেপাৰী দুজনক লৈ বিছমুৰীৰ আলেংগীলৈ আহে৷ গাঞ্জা বেপাৰী দুজনে দেখাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে আৰু গাঞ্জাৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয়৷
ইপিনে আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দকৃত গাঞ্জাখিনি গোটাই থকাৰ মাজতে গাঞ্জা বেপাৰী দুজনে আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰে৷ আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত দুয়োজন গাঞ্জা ব্যৱসায়ী ক্রমে ৰহমতউল্লা খান আৰু ৰমেশ কুমাৰ আহত হয় বুলি সংবাদমেলত সদৰি কৰে।
আৰক্ষীয়ে আহত গাঞ্জা বেপাৰী দুজনক প্রথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷
ইপিনে জব্দকৃত মণিপুৰী গাঞ্জাখিনিৰ বজাৰ মূল্য এক-ডেৰ কোটি টকা হ’ব সদৰী কৰিছে৷