আৰক্ষীৰ অভিযানত জব্দ ৯৫টাকৈ চোৰাং গৰু, তিনিজনক আটক…
July 8, 2021গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
এইবাৰ ডিব্ৰুগড় আৰক্ষীয়ে মাৰোৱাৰী পট্টীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ পৰা জব্দ কৰিছে ৯৫ টাকৈ গৰু।
এই অভিযানত গৰুৰ চোৰাং বেহাৰ লগতে জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে কুখ্যাত গৰু মাফিয়া টিকলু খানৰ লগতে আন দুজনক আটক কৰিছে আৰক্ষীয়ে।
সম্প্ৰতি ডিব্ৰুগড় আৰক্ষীয়ে উক্ত গৰু খিনিৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।