আৰক্ষীৰ অভিযানত জালত পৰিল মহিলাসহ ভুৱা আৰক্ষী…

June 22, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অভিযান।

এইবাৰ নগাঁও জিলাৰ পুৰণিগুদাম চলচলিট আৰক্ষীযৰ অভিযানত পৰিল ভুৱা আৰক্ষী।

ধৃতলোক কেইজন হৈছে বঢ়মপুৰ আদৰ্শ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু চলচলি মুছলিম গাঁৱৰ ইবটিছাম আহমেদ৷

সম্পৰ্কত ধৃত দুয়ো পতি-পত্নী বুলি জানিব পৰা গৈছে৷

ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিশেষ শাখাত কৰ্মৰত বুলি পৰিচয় দি দীৰ্ঘ দিনৰে পৰা জিলা খনত বহু লোকক প্ৰৱঞ্চনা কৰি লুটি আহিছিল ধন৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষীয়ে আটক কৰা এগৰাকী আচামীক জেলৰ পৰা মোকলাই দিয়াৰ নামত ধৃত ৰাজীৱ বৰদলৈ আৰু ইবটিছাম আহমেদে দাবী কৰিছিল 50 হাজাৰ টকা ৷

ইয়াৰ পিছতে সমগ্ৰ ঘটনাটো উল্লেখ কৰি লোক দুগৰাকীৰ বিৰুদ্ধে আচামিৰ আত্মীয় এগৰাকী মহিলাই আৰক্ষীৰ কাষ চাপি গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰৰ ভিত্তিত সোমবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দম্পতিটোক৷