আৰক্ষীৰ অভিযানত নকল ৰাইফলসহ আটক উগ্ৰপন্থী, বাহন জব্দ

November 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নকল মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত পৰিল পিএলএফআই নামৰ উগ্ৰপন্থী সংগঠনৰ এজন সদস্য।

ধেমাজি জিলাৰ গোগামুখ আৰক্ষীয়ে গোগামুখ চাৰিআলিত সদস্যজনক আটক কৰে।

ধৃত সদস্যজন গোগামুখ কঁচুতলিৰ কপিল পাঠক বুলি জানিব পৰা গৈছে।

উগ্ৰপন্থীজনৰ পৰা এটা কাঠেৰে নিৰ্মিত এ কে-৪৭, দুটা ম’বাইল ফোনসহ ওড়িষাৰ নম্বৰযুক্ত এখন গাড়ী জব্দ কৰে।

জানিব পৰা মতে, পিএলএফআই নামৰ উগ্ৰপন্থী সংগটনটোৰ সদস্যজনে বহুদিন ধৰি বিভিন্ন অঞ্চলত বে-আইনী কাম-কাজৰ লগত জড়িত আছিল। লগতে লোকজনে এটা বৃহৎ ডকাইতি কাণ্ডৰ বাবে পৰিকল্পনা কৰিছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল