আৰক্ষীৰ অভিযানত ফলমূলৰ ট্ৰাকৰ পৰা উদ্ধাৰ লাখ লাখ টকাৰ বিদেশী চিগাৰেট…

July 17, 2021 0 By Biraj Kalita

আৰক্ষীৰ অভিযানত ফলমূলৰ ট্ৰাকৰ পৰা উদ্ধাৰ লাখ লাখ টকাৰ বিদেশী চিগাৰেট।

কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে জব্দ কৰে ম্যানমাৰৰ কেইবা লাখ টকাৰ চিগাৰেট।

এখন ফলমূলৰ বাহনৰ পৰা উদ্ধাৰ হৈছে বুজন পৰিমাণৰ বিদেশী চিগাৰেটখিনি।

নিলামবজাৰ আৰক্ষীৰ তালাচীত জব্দ হোৱা বলেৰো পিকআপ ট্ৰাক খনৰ নম্বৰ MZ/01/P/0978।

ট্ৰাকখনৰ পৰা ৪০ কাৰ্টুন ম্যানমাৰৰ নিৰ্মিত বাৰ্মিজ চিগাৰেটৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিছে।

ছিগাৰেট আটক হোৱাৰ ঘটনাৰ বিৱৰণ দি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে কয়, চিগাৰেট খিনি গুৱাহাটি যোৱাৰ কথা আছিল। জানিবপৰা মতে বাছিত নামৰ এগৰাকী লোকে চোৰাংকৈ চিগাৰেট খিনি মিজোৰামৰ পৰা আনিছিল।