আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ জালনােটসহ গ্ৰেপ্তাৰ এজন
June 15, 2021নিউজ ডেস্ক। গোৱালপাৰাত আৰক্ষীৰ অভিযান। জব্দ লক্ষাধিক টকাৰ জালনোটসহ এজনক গ্ৰেপ্তাৰ।
গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত গোৱালপাৰা সদৰ থানা আৰু মৰনৈ আৰক্ষী থানাৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ জালনোটসহ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
হাৰিমুৰা গোৱালপাৰা সংযোগী পথত নিশা আৰক্ষীয়ে এক অভিযান চলায় আৰক্ষীয়ে।
নিশা স্কুটীৰে দুজন যুৱক তীব্ৰ গতিৰে আহি থকা দেখি আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলায় যুৱকদুজনে।
পাছত আৰক্ষীয়ে খেদি খেদি ছাদ্দাম হুছেইন নামৰ যুৱকজনক আটক কৰাৰ লগতে ১,৮৯,৬০০ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে আন্ধাৰৰ সুযোগ লৈ আনজন যুৱক অতি কৌশলেৰে পলাই যাবলৈ সক্ষম হয়।
ধৃত ছাদ্দাম হুছেইনৰ ঘৰ কৃষ্ণাইৰ পাইকান আৰিমাৰাত বুলি জানিব পৰা গৈছে।
দুয়ােজন যুৱক দীৰ্ঘ দিন ধৰি জালনোট সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।