আৰক্ষীৰ অভিযানত ৫ বিপলুপ্তপ্ৰায় কেঁকো সাপসহ এজন ধৃত!

January 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ছিপাঝাৰৰ পাথৰিঘাটত কেঁকো সাপ জাতীয় সৰীসৃপসহ এজন লেকক আটক কৰিছে আৰক্ষীয়ে।

পাঁচডাল বিলুপ্ত প্ৰজাতিৰ কেঁকো সাপসহ সন্ধিয়া আটক কৰিছে তমচেৰ আলী নামৰ লোক এজনক।

ধৃত তমচেৰ আলীৰ ঘৰ কলাইগাঁৱৰ ভোলাবপাৰীত।

জানিব পৰা মতে, পাঁচদাল কেঁকো সাপ গোপনে সৰবৰাহৰ প্ৰচেষ্টা চলাওঁতেই পাথৰিঘাটৰ তুৰাইৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

পিছত বন বিভাগক চমজাই দিয়াৰ ব্যৱস্থা কৰে দুষ্প্ৰাপ্য এই সৰীসৃপকেইটা।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবিধ প্ৰজাতি সাপৰ চাহিদা অধিক হোৱাৰ বাবেই এটা অসাধু চক্ৰৰ নেতৃত্বত অসমৰো বিভিন্ন প্ৰান্তত চলি আছে কেঁকোসাপৰ এখন চোৰাং বজাৰ।

সেয়েহে এইক্ষেত্ৰত আৰক্ষীৰ অধিক তদন্তৰ পোষকতা কৰিছে সচেতন ৰাইজে।