আৰক্ষীৰ এনকাউণ্টাৰত নিহত কুখ্যাত অপৰাধী জয়নাল আবেদিন…

July 11, 2021 0 By Biraj Kalita

আৰক্ষীৰ এনকাউণ্টাৰত নিহত কুখ্যাত অপৰাধী জয়নাল আবেদিন।

ধিঙৰ বৰভেটিত পুৱতি নিশা আৰক্ষীৰ এনকাউন্তাৰত নিহত হয় কুখ্যাত অপৰাধী জয়নাল।

নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষীৰ সৈতে সংঘৰ্ষ লিপ্ত হয় ডকাইত জয়নাল।

ফলত আৰক্ষীৰ গুলীত নিহত হয় ধৃত জয়নাল।

জয়নাল আবেদিনৰ ঘৰ ধিঙৰ শালকাতি।

উল্লেখ্য যে, জয়নাল বহু চুৰি, ডকাইতি, ড্ৰাগছ, ধনদাবী, হত্যাৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল।

নগাৱঁৰ এটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল আৰক্ষী।

নিহত জয়নালৰ পৰা উদ্ধাৰ কৰা হৈছে মাৰনাস্ত্ৰ।