আৰক্ষীৰ গুলীত আহত বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান, আহত এগৰাকী আৰক্ষী বিষয়া…
July 21, 2021বাৰ্মিজ চুপাৰী মাফিয়া আব্দুল হান্নান আলী গুলিবিদ্ধ।
মঙলবাৰে নিশা আব্দুল হান্নানক লৈ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই বাৰ্মিজ চুপাৰীৰ তদন্তৰ বাবে চাপাৰাকাটা দিশত লৈ যোৱা অৱস্থাত আব্দুল হান্নানে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ দেহৰক্ষীৰ অস্ত্ৰ কাঢ়ি দৌৰি পলাব খোজতে আৰক্ষীয়ে গুলীচালনা কৰে।
বাও ভৰিত গুলিবৃদ্ধ হয় আব্দুল হান্নান আলী।
আনহাতে এই ঘটনাত সদৰ থানাৰ দ্বিতীয় অচি কিষানু পাঠকো আহত হৈছে।
সম্প্ৰতি হান্নান আৰু আৰক্ষী বিষয়া গৰাকীক বঙাইগাঁও অসামৰিক চিকিৎসালযত চিকিৎসা প্ৰদান কৰা হৈছে।
ইতিমধ্যে চিকিৎসালযখত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈছে।