আৰক্ষীৰ গুলীত ঢলি পৰিল পিষ্টলধাৰী ড্ৰাগছ মাফিয়া…

May 28, 2021 0 By Biraj Kalita

ধুবুৰীৰ ৰাইজে চকুলো টুকি বিদায় দিছিল দক্ষ আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ এইবাৰ নগাঁৱত চমক।

নগাঁৱৰ কৰ্মস্থলীত যোগদানৰ প্ৰথম তিনিটা দিনতে প্ৰমাণ কৰি দিলে তেওঁৰ দক্ষতা।

ড্ৰাগছে গ্ৰাস কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ ট্ৰেনজিট কৰিডৰ হিচাপে পৰিগণিত হোৱা জিলাখনত প্ৰথম দিনটোৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে সক্ৰিয় গতিৰে অভিযান আৰম্ভ কৰা বিষয়াগৰাকীৰ তৎপৰাত প্ৰথম দিনাই ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখে গৈ থকা অৱস্থাত এখন কয়লাৰ ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীও জব্দ কৰাৰ লগতে ইয়াৰসৈতে জড়িত ভালেসংখ্যক লোকক আটক কৰে আৰক্ষীয়ে।য

সেয়া আছিল মাত্ৰ আৰম্ভণি। সেই আৰম্ভণিয়ে সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানক তীব্ৰতৰ কৰি তুলিছে।

শুক্ৰবাৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীৰ বিৰুদ্ধে এক সশস্ত্ৰ আক্ৰমণৰ ঘটনাও সংঘটিত হয়।

নগাওঁ চহৰৰে হেৰাপট্টি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীক বাধা দি পলাবলৈ চেষ্টা কৰা অৱস্থাত অস্ত্ৰধাৰী ড্ৰাগছ মাফিয়া কুখ্যাত মনছুৰ আলীক আৰক্ষীয়ে গুলীয়াই আহত কৰে।

তেওঁৰ হাতৰ পৰা ব্ৰাউন চুগাৰৰ লগতে এটা নাইন এম এম পিষ্টলো উদ্ধাৰ কৰে আৰক্ষীয়ে।

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু মানস শইকীয়াৰ নেতৃত্বত হেৰাপট্টিৰ মুনচুৰ আলীৰ ঘৰত চলিছিল এই অভিযান।

সম্প্ৰতি আহত মুনচুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।