আৰক্ষীৰ গুলীত নিহত গৃহৰক্ষী জোৱানৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত…

July 8, 2021 0 By Biraj Kalita

আৰক্ষীৰ গুলীত নিহত গৃহৰক্ষী জোৱানৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত।

চিৰাঙৰ বিজনীত আৰক্ষীৰ গুলীচালনাত মৃত্যু গৃহৰক্ষী জোৱানৰ হত্যাকাণ্ডৰ মূল অভিযুক্তৰ।

মঙলবাৰে ইয়াদ আলী নামৰ গৃহৰক্ষী জোৱানজনক হত্যা কৰিছিল আব্দুল খালেকে।

পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খালেকক।

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে গুলীচালনা কৰে আৰক্ষীয়ে।

গুলীবিদ্ধ হোৱা আব্দুল খালেকৰ পৰৱৰ্তী মৃত্যু হয়।

আনহাতে, গৃহৰক্ষী জোৱানজনৰ হত্যাত অভিযুক্ত ছফিউৰ ৰহমান আৰু আয়ুব আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।