আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ মৃতদেহ উদ্ধাৰ

February 11, 2022 0 By NEWS DESK

নিউজ ডেস্ক। যোৱা ৭ ফেব্ৰুৱাৰীৰ নিশা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতত হেণ্ডকাফ লৈ পলায়ন কৰা উত্তম খাখলাৰী নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীজনৰ মৃত্যু।

ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল এলেকাত ব্ৰহ্মপুত্ৰ নৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি এই চোৰাং চিকাৰীয়ে এজনী প্রাপ্তবয়স্ক গঁড় গুলীয়াই হত্যা কৰিছিল।

ইয়াৰ লগতে খৰ্গ কাটি উধাও হৈছিল এই চােৰাং চিকাৰী চক্ৰটাে।

এই ঘটনাৰ দুসপ্তাহ পিছতহে উৱলি যোৱা খৰ্গহীন গঁড়ৰ মৃতদেহটো বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

তদন্তত পােহৰলৈ অহা অনুসৰি, যোৱা ২০ জানুৱাৰীত কঁহৰা বনাঞ্চলৰ শিলেখুন্দা এলেকাত উদ্ধাৰ হোৱা খৰ্গহীন মৃত গড়জনীৰ হত্যাৰ মূল শ্বুটাৰ আছিল উত্তম খাখলাৰী।

গঁড় চিকাৰী খাখলাৰীক গোলাঘাট আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমাইপুৰৰ পৰা যোৱা ৭ ফেব্ৰুৱাৰীত আটক কৰি কাজিৰঙালৈ আনে।

আনহাতে, তদন্তৰ বাবে উক্ত নিশাই চোৰাং চিকাৰীজনক আৰক্ষী-বন বিভাগৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ নিয়া হয় যদিও ৰহস্যজনকভাৱে হাতত হেণ্ডকাফ লাগি থকা অৱস্থাতে আৰক্ষীৰ লোকক গঁতিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি চোৰাং চিকাৰীজন পলায়ন কৰে।

আৰক্ষী আৰু বন বিভাগে পলাতক চিকাৰটােক বিচাৰি অভিযান অব্যাহত ৰখাৰ মাজতে ব্ৰহ্মপুত্ৰত মৃতদেহ উদ্ধাৰ হােৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।