আৰক্ষীৰ জালত ইৰাণী গোটৰ দুই চিলনী চোৰৰ লগতে এটি ১২ বছৰীয়া কিশোৰ…

July 14, 2021 0 By Biraj Kalita

মহানগৰবাসীৰ নিদ্ৰা হৰণ কৰিছে চিলনী চোৰে।

পুনৰ মহানগৰ আৰক্ষীৰ জালত পৰিল ইৰাণী গোটৰ দুই চিলনী চোৰ।

আৰক্ষীয়ে আটক কৰা সদস্যকেইটা ক্ৰমে নাগেশ্বৰ নুনীয়া আৰু শুভম কুমাৰ মাহাতো আৰু দুয়োৰে ঘৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে

দুয়োৰে লগতে আৰক্ষীয়ে আটক কৰিছে এটি ১২ বছৰীয়া কিশোৰো।

এক গোপন সূত্ৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গড়চুক থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯২ নং ধাৰাৰ অধীনত ৰুজু হৈ থকা ৪৩২/২১ নং গোচৰৰ সংক্ৰান্তত দুয়োকে আটক কৰিছে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি মহানগৰীৰ আন আন ঠাইৰ লগতে মালিগাঁও, জালুকবাৰী, গড়চুক আদি অঞ্চলতো বৃদ্ধি পাব ধৰিছে ইৰাণী গোট সদস্য তথা চিলনী চোৰৰ সংখ্যা।