আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান
November 9, 2021নিউজ ডেস্ক। নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান।
দৌলাশাল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল বজাৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবড়ীত।
ধৃত আমানুৰে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমাৱৰ্তী অঞ্চল,মূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলায় আহিছিল।
আমানুৰ ৰহমানে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কথা মুলমুৱা আৰু দৌলশাল আৰক্ষীয়ে জানিব পৰাত আমানুৰক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ পাই আমানুৰে বহিঃৰাজ্যকে ধৰি ডিব্ৰুগড়ত দীৰ্ঘদিন ধৰি পলাই থাকে।